Monday, 27 April 2020

Milk Powder Malai Chop


মিল্ক পাউডাৰ মলাই চপ

সামগ্রী -
(১) চপ বনাবৰ বাবে --
পাউডাৰ গাখীৰ ৩০০ গ্ৰাম 
নেমুৰ ৰস/ভিনেগাৰ ৪ চামুচ 
পানী ১ লিটাৰ
চুজি দুচামুচ 

(২) চেনিৰ ৰস বনাবৰ বাবে --
চেনি ১ কাপ
পানী ৪ কাপ

(৩) মলাই বনাবৰ বাবে --
পাউডাৰ গাখীৰ আধা কাপ 
গাখীৰ আধা লিটাৰ 
চেনি ২ টেবুল চামুচ 
ইলাচি গুৰি ১/৪ চামুচ 

প্ৰস্তুত প্ৰণালী ---  (১) পানী লিটাৰত পাউডাৰ গাখীৰ খিনি ভালদৰে মিহলাই গৰম হবলৈ দিয়ক। ৪-৫ মিনিট সময় পিছত অৰ্থাৎ উতল অহাৰ আগতে জুই বন্ধ কৰি নেমুৰ ৰস দি গাখীৰ ফটাই লৈ চানা খিনি ঠান্ডা পানীৰে ধুই ভালদৰে পানী চেপি লব। চানাৰ লগত চুজি খিনি মিহলাই দহ মিনিট মান সময় ঢিলা হাতেৰে মথি লাড়ু বনাই সামান্য চেপেটা কৰি চপ কেইটা তৈয়াৰ কৰি লব। 
(২) বহল কেৰাহী এটাত পানী আৰু চেনি খিনি উতলিব দিব। ভালদৰে উতল আহিলে চপ কেইটা দি ঢাকোন লগাই বেছি তাপত সিজিবলৈ দিব। দহ মিনিট পিছত লাহে লাহে লুটিয়াই দি আকৌ দহ মিনিট সময় সিজাই কেৰাহীটো নমাই থব। 
(৩) গাখীৰ খিনি গৰম হবলৈ দি পাউডাৰ গাখীৰ, চেনি আৰু ইলাচি গুৰি দি একেৰাহে লৰাই শুহি প্ৰায় আধা মান হলে নমাই থব। চপ কেইটা চেনিৰ ৰসৰ পৰা উলিয়াই অলপ চেপি লৈ মলাইত ভালদৰে লেটিয়াই ৩-৪ ঘন্টা থৈ দিয়ক। তাৰ পাছত ফ্রিজত থৈ বা নোহোৱাকৈও পৰিবেশন কৰিব পাৰিব। 

No comments: