গ্রাচ কার্প ফিচ্ উইথ ৰোস্টেড পামকিন কোকোনাট এন্ড টামাৰিন্ড /ইম্লি
সামগ্রী -
গ্রাচ কার্প মাছ ৬ টুকুৰা
ৰঙালাওঁ এটুকুৰা(২২৫ গ্ৰাঃ)
ৰোকা নাৰিকল আধা কাপ
তেতেলিৰ ৰস ১ টেবুল চামুচ
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
জিৰা ধনীয়া গুৰি এচামুচ
গৰম মচলা আধা চামুচ
পিয়াঁজ বটা আধা কাপ
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল হালধি জোখ মতে
প্ৰস্তুত প্রনালী --- মাছ কেইটুকুৰা ধুই নিমখ হালধি সানি একাষে থৈ দিয়ক। ৰঙালাওঁ টুকুৰা জুইত পুৰি বাকলি গুচাই ৰোকা নাৰিকলৰ সৈতে মিক্সিত অলপ পিহি লব। কেৰাহীত জোখ মতে তেল দি মাছ কেইটুকুৰা ভাজি তুলি থৈ সেই তেলতে গৰম মচলাৰ বাহিৰে বাকী সকলো বটা আৰু গুৰি মচলা ভাজি লৈ ৰঙালাওঁৰ পিউৰি খিনি ভাজিব। ভালদৰে ভজা হলে নিমখ হালধি আৰু এগিলাচ মান পানী দি উতলিব দিব। লগতে ভজা মাছ আৰু তেতেলিৰ ৰস খিনিও দিব। অলপ থুপথুপীয়া হলে গৰম মচলা দি কেৰাহীটো জুইৰ পৰা নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুব সোৱাদ লগা হয়।
No comments:
Post a Comment