Monday, 20 April 2020

Fish Paturi With Indian Sorrel / Tengesi Tenga


তেঙেচি টেঙাৰে মাছ পাতত দিয়া

সামগ্রী -
গ্রাচ কার্প মাছ ৪ টুকুৰা
তেঙেচি টেঙা এক মুঠি
ৰোকা নাৰিকল ২ চামুচ
সৰিয়হ বটা আধা চামুচ
তিনিটা জলকীয়া বটা
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
মিঠাতেল এক চামুচ
হালধি আধা চামুচ
কলপাত ৪ খিলা

প্ৰস্তুত প্রনালী ---  মাছ কেইটুকুৰা ভালদৰে ধুই সামান্য নিমখ আৰু হালধি সানি একাষে থৈ দিয়ক। কলপাত কেইখিলা ধুই দহ মিনিট মান সময় ৰ'দত দিব অথবা অলপ সেকি লব যাতে টোপোলা বান্ধিলে ফাটি নাযায়। তেঙেচি টেঙা খিনি মিহিকৈ কুটি লব। এতিয়া সকলো বোৰ সামগ্রী লগলগাই সানি লৈ মাছ কেইটুকুৰাত ভালদৰে লেটিয়াই কলপাতত টোপোলা বান্ধি মধ্যেমীয়া জুইত তাৱা বা কেৰাহীত সিজিবলৈ দিব। ২০ মিনিট পিছত টোপোলা কেইটা লুটিয়াই দি আকৌ ১৫ মিনিট সময় সিজিলে নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুব জুতি লগা হয়। 

No comments: