টাৱা ফ্ৰাইড ক্ৰিস্পি ফিছ কেবাব
সামগ্ৰী --
ভকুৱা মাছৰ বুকু অংশৰ ৫-৬ টুকুৰা
বুতৰ দাইলৰ বেচন এক টেবুল চামুচ
পানী চেকা দৈ এক টেবুল চামুচ
কৰ্ণফ্লেক্সৰ গুৰি আধা কাপ
মিহিকৈ কুটা নহৰু এক চামুচ
মিহিকৈ কুটা আদা আধা চামুচ
জিৰা ধনীয়াগুৰি আধা চামুচকৈ
নিমখ, জলকীয়া গুৰি আৰু
জালুকৰ গুৰি জুতি মতে
গৰম মচলা আধা চামুচ
কচুৰি মিথি আধা চামুচ
পিয়াঁজ,জলকীয়া দুটাকৈ
নেমুৰ ৰস এক চামুচ
ধনীয়া পাত এমুঠি
তেল জোখ মতে
প্ৰস্তুত প্ৰণালী --- মাছ কেইটুকুৰা ধুই সিজাই কাঁইট বোৰ গুচাই পিটিকি লওঁক। পিয়াঁজ, জলকীয়া আৰু ধনীয়া পাত খিনি সৰুকৈ কুটি লব। বহল বাচন এটাত কৰ্ণফ্লেক্সৰ গুৰিৰ বাহিৰে বাকী আটাইবোৰ সামগ্ৰী লগলগাই সানি লৈ নিজৰ পছন্দ মতে আকাৰ দি কেবাব কেইটা কৰ্ণফ্লেক্সৰ গুৰিত লেটিয়াই টাৱাত ভাজি লব। বিলাহীৰ জ্বলা ছচৰ লগত কেবাব কেইটা গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment