Thursday, 19 September 2019

Chocolate Cheese Cake ( No Bake )



চকলেট ছিজ কেক ( ন' বেক )

সামগ্ৰী --

(১) বিস্কুটৰ তৰপ টোৰ বাবে লাগিব...
যিকোনো চকলেট বিস্কুট ১০-১২ খন
মাখন ৬০ গ্ৰাম
(২) চকলেট ছিজ মিশ্ৰণৰ বাবে লাগিব ...
Amul ডাৰ্ক চকলেট ১৫০ গ্ৰাম
গাখীৰ এক টেবুল চামুচ
ক্ৰীম ছিজ ২২৫ গ্ৰাম
হুইপিং ক্ৰীম ১০০ গ্ৰাম
হেভি ক্ৰীম ১০০ গ্ৰাম
জিলেটিন এক চাহ চামুচ
(৩) চকলেটৰ তৰপটোৰ বাবে লাগিব ...
Amul মিল্ক চকলেট ১৫০ গ্ৰাম
ক্ৰীম আধা কাপ

প্ৰস্তুত প্ৰণালী   ---   (১) কেকটিন এটাৰ চাৰিওফালে বাটাৰ পেপাৰ পাৰি একাষে থৈ দিয়ক। বিস্কুট কেইখন গুৰি কৰি মাখন খিনি মিহলাই ভালদৰে সানি কেকটিন টোত বহলাই দি গুৰি খিনি চামুচ এখনেৰে হেঁচি সমান কৰি দি বাচনটো ২০-২৫ মিনিট সময় ফ্ৰীজত থৈ দিব।
(২) গাখীৰ চামুচত জিলেটিন খিনি গুলি গৰম কৰি গলাই লব। চকলেট খিনি টুকুৰা কৰি আইনা বা ষ্টীলৰ বাচন এটাত লৈ বাচনটো উতলা পানীৰ ওপৰত লৈ চকলেট খিনি গলাই লওঁক। বহল বাচন এটাত ক্ৰীম ছিজ খিনি অলপ ফেটি লৈ হুইপিং আৰু হেভি ক্ৰীম খিনি ফেটি তাত গলোৱা চকলেট আৰু জিলেটিন খিনি ভালদৰে মিহলাই আকৌ অলপ ফেটি মিশ্ৰণটো বিস্কুটৰ গুৰিৰ ওপৰত ঢালি দি বাচনটো আকৌ এঘন্টা ফ্ৰীজত থৈ দিয়ক।
(৩) চকলেট খিনি সৰু সৰু টুকুৰা কৰি কাটি লওক। ক্ৰীম খিনি গৰম কৰি চকলেটৰ ওপৰত ঢালি দি একেৰাহে লৰাই ভালদৰে গলাই লব। এতিয়া ফ্ৰীজৰ পৰা বাচনটো উলিয়াই আনি গলোৱা চকলেট খিনি ঢালি দি বাচনটো ৫-৬ ঘন্টা বা এৰাতি পুনৰ ফ্ৰীজত থৈ উলিয়াই আনি চকলেট ছিজ কেকৰ জুতি লব পাৰিব।



No comments: