Sunday, 8 September 2019

Sugar Free Kesar Milk Sandesh



চুগাৰ ফ্ৰী কেশৰ মিল্ক সন্দেশ

সামগ্ৰী --

গাখীৰ এক লিটাৰ
কনডেন্স মিল্ক একাপ
মিল্ক পাউদাৰ আধাকাপ
কেশৰ ১০-১২ ডাল
ইলাচি গুৰি এচিকুট
এটা নেমুৰ ৰস

প্ৰস্তুত প্ৰণালী ---    দুচামুচ মান গাখীৰত কেশৰ খিনি তিয়াই থৈ বাকী খিনি গাখীৰ উতলিবলৈ দিয়ক। এক উতল আহিলে জুই বন্ধ কৰি লৈ গাখীৰত নেমুৰ ৰস মিহলাই চানা ফটাই ঠাণ্ডা পানীৰে চানা খিনি ধুই ভালদৰে পানী চেপি লৈ পাঁচ মিনিট মান সময় আটা মাৰাৰ নিচিনাকৈ মাৰি কোমল কৰি লব। ননষ্টিক কেৰাহী এটাত চানা খিনি লৈ একেবাৰে কম জুইত একো নিদিয়াকৈ দুই মিনিট ভাজি কনডেন্স মিল্ক,কেশৰ আৰু ইলাচি গুৰি দি একেৰাহে লৰাই থাকি মিশ্ৰণটো কেৰাহীৰ পৰা এৰাই আহিলে নমাই আনি ঠাণ্ডা হবলৈ দিব। অলপ ঠাণ্ডা হলে চানা খিনিত পাউদাৰ গাখীৰ মিহলাই আকৌ পাঁচ মিনিট মান মাৰি লৈ নিজৰ পছন্দৰ আকাৰত সন্দেশ কেইটা বনাই পৰিবেশন কৰিব।

No comments: