কোমোৰা আৰু ভোট জলকীয়াৰে মুৰ্গীৰ মাংস
সামগ্ৰী --
মুৰ্গীৰ মাংস এক কিলো
কোমোৰা এটাৰ এফাল
ভোট জলকীয়া এটা(সৰু)
পিয়াঁজ ৩ টা, আলু ২টা
আৰু বিলাহী ২টা
নহৰু বটা ডেৰ চামুচ
আদা বটা এক চামুচ
জিৰা ধনীয়া গুৰি আৰু
চিকেন মচলা এক চামুচকৈ
জালুকৰ গুৰি আৰু
গৰম মচলা আধা চামুচকৈ
নিমখ সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী --- মুৰ্গীৰ মাংস খিনি ধুই পানী টুকি লৈ নহৰু এচামুচ আৰু জালুকৰ গুৰি খিনি দি ভালদৰে সানি এঘন্টা থৈ দিয়ক। কোমোৰা আৰু আলু ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি লওঁক। বাকী খিনি পাচলি সৰুকৈ কুটি লব। কেৰাহীত অলপ মান তেল দি কোমোৰা আৰু আলু কেইটুকুৰা আধা ভজা কৰি তুলি থৈ কেৰাহীত আৰু দুচামুচ মান তেল দি পিয়াঁজ, জলকীয়া আৰু মচলা ভাজি বিলাহী খিনি ভাজিব। নিমখ হালধি দিব। এতিয়া মাংস খিনি দি ভালদৰে লৰাই দিয়ক। মাংস আধা ভজা হলে কোমোৰা আৰু আলুৰ টুকুৰা কেইটা দি আকৌ কিছু সময় ভাজি জোখ মতে পানী দি উতলিবলৈ দিব। মাংস সিজিলে আঞ্জা খন নমাই থব। গৰম ভাত আৰু ৰুটিৰ লগত খাবলৈ খুউব জুতি লগা হয়।
No comments:
Post a Comment