প্যান ফ্ৰাইড কাৱৈ মাছৰ সৈতে পোৰা বেঙেনাৰ চছ আৰু গ্ৰীল্ড আলু গাজৰ
সামগ্ৰী --
কাৱৈ মাছ ৬-৭ টা
ভোলা বেঙেনা দুটা
পিয়াঁজ, বিলাহী, আলু,
গাজৰ,জলকীয়া দুটাকৈ
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
জিৰা গুৰি,ধনীয়া গুৰি,
গৰম মচলা আৰু
কচুৰি মিথি আধা চামুচকৈ
ক্ৰীম এক টেবুল চামুচ
তেল,হালধি প্ৰয়োজন মতে
নিমখ,জালুকৰ গুৰি আৰু
জলকীয়া গুৰি সোৱাদ অনুযায়ী
প্ৰস্তুত প্ৰণালী --- কাৱৈ মাছ কেইটা বাচি ধুই নিমখ হালধি সানি একাষে থৈ দিয়ক। বেঙেনা দুটা পুৰি বাকলি গুচাই অলপ পিটিকি লব। গ্ৰীল কৰিবলৈ আলু গাজৰ নিজৰ পছন্দ মতে কাটি লৈ সিজাই লব। পিয়াঁজ, বিলাহী আৰু জলকীয়া সৰুকৈ কুটি লব। কেৰাহীত জোখ মতে তেল দি মাছ কেইটা ভাজি তুলি থৈ সেই তেলতে পিয়াঁজ, জলকীয়া আৰু মচলা ভাজি লৈ বিলাহী আৰু পোৰা বেঙেনা খিনি ভাজিব। নিমখ হালধি দিব লগতে ডেৰ কাপ মান পানী দি উতলিবলৈ দিব। চছ খিনি অলপ ঘন হলে ক্ৰীম খিনি দি নমাই থব। নিমখ আৰু জালুকৰ গুৰি সানি আলু গাজৰ গ্ৰীল কৰি লৈ গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment