Tuesday, 17 September 2019

Oil Free Lemon White Pepper Chicken



অইল ফ্ৰী লেমন হোৱাইট পেপাৰ চিকেন

সামগ্ৰী --

ব'নলেচ চিকেন ৫০০ গ্ৰাম
পিয়াঁজ, কেঁচা জলকীয়া ৩ টাকৈ
বগা জালুকৰ গুৰি আধা চামুচ
বাদাম বটা এক টেবুল চামুচ
কাজু বটা এক টেবুল চামুচ
নহৰু বটা এক চাহ চামুচ
আদা বটা আধা চাহ চামুচ
নিমখ সোৱাদ অনুযায়ী
নেমুৰ ৰস দুই চামুচ
লেমন জেষ্ট এক চামুচ
লং,ইলাচি ৫-৬ টাকৈ
ডালচেনি এটুকুৰা
মাখন দুই চাহ চামুচ


প্ৰস্তুত প্ৰণালী ---    চিকেন খিনি ধুই পানী টুকি লৈ নেমুৰ ৰস,জালুকৰ গুৰি আৰু লেমন জেষ্ট সানি এঘন্টা থৈ দিয়ক। পিয়াঁজ, জলকীয়া সিজাই মিক্সিত পিহি লব। ননষ্টিক কেৰাহী এটাত মাখন খিনি গলাই লৈ গৰম মচলা খিনি অলপ ভাজি আটাইবোৰ বটা সামগ্ৰী ভাজিব। এতিয়া চিকেন খিনি দি পাঁচ মিনিট মান সময় একেৰাহে লৰাই ভাজি ডেৰ গিলাচ মান পানী দি উতলিব দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে কেৰাহীটো নমাই থব। গৰম নান,ৰুটি আৰু ভাতৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments: