Saturday, 14 September 2019

Keto Breakfast Corn Curd Kebab



কিট' ব্ৰেকফাষ্ট মাকৈ দৈৰ কাবাব

সামগ্ৰী --

মাকৈ এক বাতি
দৈ এক কাপ
মিহিকৈ কুটা নহৰু এচামুচ
আৰু আদা আধা চামুচ
কিচ্ছেন কিং মচলা আধা চামুচ
জিৰা ধনীয়া গুৰি এচামুচ
কচুৰি মিথি আধা চামুচ
নিমখ, জালুকৰ গুৰি আৰু
জলকীয়া গুৰি জুতি মতে
পিয়াঁজ, বিলাহী আৰু
কেঁচা জলকীয়া দুটাকৈ
ধনীয়া পাত এমুঠি
অলিভ অইল জোখ মতে

প্ৰস্তুত প্ৰণালী ---   দৈ খিনি পাতল কপাহী কাপোৰ এখনত টোপোলা বান্ধি দুঘণ্টা মান আঁৰি থৈ দিয়ক। তেতিয়া পানী নিগৰি দৈ খিনি ধুনীয়া গোটা হৈ থাকিব। মাকৈ খিনি সিজাই জলকীয়াৰ সৈতে মিক্সিত অলপ পিহি লওঁক। পিয়াঁজ, বিলাহী আৰু ধনীয়া পাত সৰুকৈ কুটি লব। এতিয়া বহল বাচন এটাত আটাইবোৰ সামগ্ৰী লগলগাই ভালদৰে সানি লৈ নিজৰ পছন্দ মতে আকাৰ দি কাবাব কেইটা ভাজি লব। চছ, চালাড আৰু ছানি চাইড আপৰ লগত কাবাব কেইটা গৰমে গৰমে পৰিবেশন কৰিব।



No comments: