পোৰা বিলাহীৰে ৰিঠা মাছৰ থুপথুপীয়া জোল
সামগ্ৰী ---
ৰিঠা মাছ ৫-৬ টুকুৰা
আধা পকা বিলাহী চাৰিটা
পিয়াঁজ, জলকীয়া তিনিটাকৈ
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
জালুকৰ গুৰি আধা চামুচ
জিৰা গুৰি আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী --- দুটা পিয়াঁজ আৰু বিলাহী কেইটা পুৰি অলপ ঠাণ্ডা হলে বাকলি গুচাই মিহিকৈ কুটি লব। এটা পিয়াঁজ আৰু জলকীয়া কেইটা সৰুকৈ কুটি লওঁক। মাছ কেইটুকুৰা নিমখ হালধি সানি ভাজি তুলি থৈ সেই তেলতে পিয়াঁজ, জলকীয়া আৰু মচলা ভাজি লৈ পোৰা বিলাহী পিয়াঁজ খিনি ভাজিব। এতিয়া নিমখ হালধি আৰু ডেৰ গিলাচ মান পানী দি উতলিবলৈ দিব। এক উতল আহিলে ভজা মাছ কেইটুকুৰা দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে কেৰাহীটো নমাই থব। গৰম ভাতৰ লগত ৰিঠা মাছৰ জোল খুউব জুতি লগা হয়।
No comments:
Post a Comment