মুগৰ দাইলৰ দোচা
সামগ্ৰী --
বাকলি থকা মুগৰ দাইল এবাতি
চাউল (ভাতৰ) দুই টেবুল চামুচ
নিমখ সোৱাদ অনুযায়ী
কেঁচা জলকীয়া চাৰিটা
তেল জোখ মতে
নহৰু ৪-৫ কোহ
আদা এটুকুৰা
ধনীয়া এমুঠি
প্ৰস্তুত প্ৰণালী --- মুগৰ দাইল আৰু চাউল খিনি এঘন্টা মান তিয়াই থৈ বাকী সামগ্ৰীৰ লগত মিক্সিত অলপ পানীৰে সৈতে পিহি লওঁক। দাইলৰ বাকলি আধা মান হে পেলাই লব,আটাইখিনি গুচাব নালাগে। দাইলৰ মিশ্ৰণ টো খুব মিহি হব নালাগিব আৰু বেছি গোটা হলে পানী অলপ মিহলাই লব। কম জুইত দোচা টাৱা খন পাতি সামান্য তেল মচি দাইলৰ মিশ্ৰণ টো দুই হেতা দি বহলাই দিব। এতিয়া জুই বঢ়াই মধ্যমীয়া কৰিব। এক মিনিট পিছত এচামুচ তেল ছটিয়াই বা ব্ৰাছ কৰি দি মাজত সিজোৱা আলু পিয়াঁজ অথবা পাচলিৰ চালাড ৰাখি দোচা খন মেৰিয়াই দিব। এনেদৰে বাকী কেইখনো ভাজি চাম্ভাৰ চাটনিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment