ক'লা কচুৰ ঠাৰিৰ চাটনি
সামগ্ৰী --
ক'লা কচুৰ ঠাৰি ৪-৫ ডাল
নৰসিংহৰ পাত ৮-৯ টা
তেঁতেলীৰ ৰস দুই চামুচ
ভোট জলকীয়া এটা (সৰু)
আজোৱাইনৰ গুৰি এচিকুট
জালুকৰ গুৰি আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
আদা বটা আধা চামুচ
নহৰু বটা এক চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী --- কচুৰ ঠাৰি কেইডাল ধুই বাকলি গুচাই সৰু সৰু টুকুৰা কৰি কাটি লওঁক। একাপ মান পানীৰে সৈতে কচু খিনি কুকাৰত দি অলপ বেছিকৈ সিজাই খৰাহী এটাত তুলি থব। ভোট জলকীয়াটো কুটি লব। কেৰাহীত জোখ মতে তেল দি জলকীয়া, নৰসিংহৰ পাত আৰু মচলা ভাজি লৈ সিজোৱা কচু খিনি ভাজিব। ভাজি থাকোতে নিমখ, হালধি আৰু তেঁতেলীৰ ৰস দি হেতা খনেৰে হেঁচুকি কচু খিনি মিহি কৰি দিব। কেৰাহীৰ পৰা কচু খিনি এৰাই আহিলে নমাই ঠাণ্ডা হবলৈ দিব। ভাত আৰু ৰুটি লুচিৰ লগত কচুৰ চাটনি খাবলৈ খুব সোৱাদ লগা হয়। ফ্ৰীজত থৈ কেইবাদিনলৈ চাটনিৰ জুতি লব পৰা যায়।
No comments:
Post a Comment