সামগ্ৰী --
নিকৰী বা মখানা এবাতি
পানী চেকা দৈ দুই চামুচ
মিহিকৈ কুটা নহৰু এচামুচ
আৰু আদা আধা চামুচ
জালুকৰ গুৰি,কচুৰি মিথি,
জিৰা গুৰি, ধনীয়া গুৰি আৰু
চাট মচলা আধা চামুচকৈ
ধনীয়া পাত অলপ মান
নিমখ আৰু জলকীয়াগুৰি
সোৱাদ অনুযায়ী লব
পিয়াঁজ,জলকীয়া দুটাকৈ
সিজোৱা আলু এটা
নেমুৰ ৰস এচামুচ
তেল জোখ মতে
ঘিউ এক চামুচ
প্ৰস্তুত প্ৰণালী --- নিকৰী কেইটা ঘিউত ভাজি মিক্সিত অলপ পিহি লব। খুব মিহি হব নালাগে। পিয়াঁজ আৰু জলকীয়া সৰুকৈ কুটি লব, লগতে সিজোৱা আলুটো পিটিকি লব। এতিয়া বহল বাচন এটাত আটাইবোৰ সামগ্ৰী মিহলাই ভালদৰে সানি লৈ সৰু সৰু লাড়ু বনাই চেপেটা কৰি কাবাব কেইটা ননষ্টিক টাৱাত কম তেলত ভাজি বিলাহীৰ ছছৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment