সামগ্ৰী --
ৰঙালাওঁৰ ফুল ১০-১২ টা
কোমল বাঁহৰ গাজ এবাতি
পিয়াঁজ, জলকীয়া দুটাকৈ
নৰসিংহৰ পাত ৭-৮ টা
মিহিকৈ কুটা নহৰু এচামুচ
আৰু আদা আধা চামুচ
জালুকৰ গুৰি আৰু
ধনীয়া গুৰি আধা চামুচকৈ
নিমখ সোৱাদ অনুযায়ী
নেমুৰ ৰস এক চামুচ
তেল,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী --- ৰঙালাওঁৰ ফুল কেইটাৰ মাজৰ কেশৰ ডাল পেলাই দি ভালদৰে ধুই লওঁক। বাঁহৰ গাজ খিনিৰ টুকুৰা বোৰ পাতল কৰি কাটি লব। পিয়াঁজ আৰু জলকীয়াও সৰুকৈ কাটি লব। কেৰাহীত জোখ মতে তেল দি পিয়াঁজ, জলকীয়া, নৰসিংহৰ পাত আৰু বাকী মচলা ভাজি লৈ গাজ খিনি ভাজিব। বাঁহৰ গাজ আধা ভজা হলে নিমখ, হালধি আৰু ফুল কেইটা দি লাহে লাহে লৰাই পাঁচ মিনিট মান সময় কম মধ্যমীয়া জুইত ভাজিব। তাৰ পিছত নেমুৰ ৰস খিনি দি আকৌ দুই মিনিট মান সময় ভাজি নমাই থব। ভাতৰ লগত গৰমে গৰমে খাবলৈ খুবেই জুতি লগা হয়।

No comments:
Post a Comment