সামগ্ৰী --
কাৱৈ মাছ ৭-৮ টা
পালেং শাক দুমুঠি
নৰসিংহ পাত এমুঠি
সিজোৱা আলু এটা
নেমুৰ ৰস দুই চামুচ
পিয়াঁজ, জলকীয়া দুটাকৈ
জালুকৰ গুৰি আধা চামুচ
আদা,নহৰু বটা আধা চামুচকৈ
জিৰা, ধনীয়া গুৰি আধা চামুচকৈ
নিমখ, জলকীয়া গুৰি জুতি মতে
তেল,হালধি প্ৰয়োজন অনুসৰি
মিহিকৈ কুটা ধনীয়া পাত এমুঠি
প্ৰস্তুত প্ৰণালী --- কাৱৈ মাছ কেইটা বাচি ধুই নিমখ হালধি সানি একাষে থৈ দিয়ক। পালেং শাক খিনি ধুই উতলা পানীত এক মিনিট সিজাই(Blanch) তুলি আনি লগে লগেই বৰফ পানীত ডুবাই পানী চেপি লৈ শাক খিনি মিহিকৈ কুটি লব। নৰসিংহ পাত কেইটা অলপ পানীৰে সৈতে মিক্সিত পিহি লব। পিয়াঁজ, জলকীয়া সৰুকৈ কুটি লব আৰু আলুটো পিটিকি লব। কেৰাহীত জোখ মতে তেল দি মাছ কেইটা ভাজি তুলি থৈ সেই তেলতে পিয়াঁজ, জলকীয়া আৰু মচলা ভাজি লৈ আলু আৰু পালেং খিনি ভাজিব। ভালদৰে ভজা হলে নিমখ আৰু জোখ মতে পানী দি উতলিব দিব। হালধি দিব নালাগে। এক উতল আহিলে ভজা মাছ ,নেমুৰ ৰস আৰু নৰসিংহ বটা খিনি দিব। আঞ্জাখন উতলি ঘন হলে ধনীয়া পাত দি নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুব জুতি লগা হয়।
No comments:
Post a Comment