সামগ্ৰী --
পকা অমিতা এবাতি
পানী চেকা দৈ একাপ
ফ্ৰ'জেন পকা কল এটা
অলমণ্ডৰ গুৰি এচামুচ
ডালচেনিৰ গুৰি এচিকুট
নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী --- কুল্ফি বনোৱাৰ এদিন বা দুদিন আগতে পকা কল এটা টুকুৰা কৰি ফ্ৰিজাৰত থৈ দিব। তাৰ পাছত ফ্ৰ'জেন কলৰ লগত আটাইখিনি সামগ্ৰী লগলগাই মিক্সিত পিহি লৈ কুল্ফি মল্ডত ভৰাই ঢাকোন লগাই ফ্ৰিজাৰত আধা ঘণ্টা থৈ দিয়ক। আধা ঘণ্টাৰ পিছত ঢাকোন আঁতৰাই ষ্টীক লগাই আকৌ ৩-৪ ঘণ্টা ফ্ৰিজাৰত থৈ উলিয়াই আনি পৰিবেশন কৰিব। মধুমেহ আক্ৰান্ত ব্যক্তি বিশেষৰ লগতে পৰিয়ালৰ আন সদস্য সকলেও অমিতাৰ কুল্ফিৰ সোৱাদ লব পাৰিব।
No comments:
Post a Comment