Wednesday, 21 August 2019

Orange Flavoured Coconut Sira



সামগ্ৰী --

শুকান নাৰিকল এটা
কমলা টেঙাৰ ৰস ২০০ মি:লি:
চেনি একাপ বা নিজৰ জুতি মতে
অৰেঞ্জ এচেঞ্চ এক চামুচ
পানী প্ৰয়োজন অনুসৰি

প্ৰস্তুত প্ৰণালী ---   নাৰিকল টোৰ বাকলি গুচাই ফালি লৈ কলা টান তৰপ টো কাটি পেলাই দি নাৰিকল খিনি চালাড ৰোকা ৰুকনিৰে ৰুকি (Grate) লওঁক। ননষ্টিক কেৰাহী এটাত ৰোকা নাৰিকল খিনি লৈ কমলাৰ ৰস আৰু প্ৰয়োজন অনুসৰি পানী দি সিজিবলৈ দিব। নাৰিকল খিনি পানীত ভালদৰে তল যাব লাগিব। আধা ঘণ্টা মান সময় বেছি তাপত সিজাই তাৰ পাছত জুই কমাই চেনি খিনি দি ঘনাই লৰাই থাকিব। পানী শুহি নাৰিকল খিনি জৰ্জৰিয়া হলে জুই একেবাৰেই কমাই অৰেঞ্জ এচেঞ্চ খিনি দি এক মিনিট মান সময় একেৰাহে লৰাই কেৰাহীটো নমাই থব। চিৰা খিনি ঠাণ্ডা হলে মিঠা ফলৰ টুকুৰাৰে সুন্দৰকৈ সজাই পৰিবেশন কৰিব। আইনাৰ বটলত ভৰাই থৈ বহু দিনলৈ নাৰিকলৰ চিৰাৰ জুতি লৈ থাকিব পাৰি।

No comments: