Saturday, 24 August 2019

Marie Biscuit & Bournvita Brownie



সামগ্ৰী --

বৰ্ণভিতা ১২০ গ্ৰাম
মেৰি বিস্কুট ১০-১২ খন
অলমণ্ডৰ গুৰি আধা কাপ
চকলেট চিপছ আধা কাপ
বাটাৰ এক টেবুল চামুচ
বেকিং পাউদাৰ আধা চামুচ
ভেনিলা এচেঞ্চ এক চামুচ
কনডেন্স মিল্ক দুচামুচ
গাখীৰ আধা কাপ
নিমখ এচিকুট
কণী দুটা

প্ৰস্তুত প্ৰণালী -----     কেক টিন এটাত বাটাৰ পেপাৰ পাৰি লৈ বাটাৰ ব্ৰাছ কৰি ময়দা ছটিয়াই একাষে থৈ দিয়ক। মেৰি বিস্কুট, চকলেট চিপছ,বাটাৰ আৰু বৰ্ণভিতা মিক্সিত একেলগে পিহি গুৰি কৰি লওঁক। কণী দুটা ফেটি লৈ তাত কনডেন্স মিল্ক আৰু ভেনিলা এচেঞ্চ দি আকৌ অলপ ফেটি লব। বহল বাচন এটাত জুলীয়া সামগ্ৰী খিনি লৈ বৰ্ণভিতাৰ মিশ্ৰণ খিনি অলপ অলপকৈ দি ভালদৰে মিহলাই লব। বেকিং পাউদাৰ আৰু নিমখ চিকুটো দিব। এতিয়া মিশ্ৰণ টো কেক টিনত ঢালি ১৮০ ডিগ্ৰীত ২৫-২৮ মিনিট সময় বেক কৰিব। ঠাণ্ডা হলে কেক টোৰ আধা ফাল পাউদাৰ চেনিৰে সজাই পৰিবেশন কৰিব।




No comments: