সামগ্ৰী --
ডাঙৰ পুঠি মাছ ৫-৬ টা
এপ'ল চাইদাৰ ভিনেগাৰ একাপ
জালুকৰ গুৰি আধা চামুচ
ধনীয়া গুৰি এক চামুচ
নেমু দুচকল মান
নেমুৰ ৰস দুচামুচ
ধনীয়া পাত অলপ
নিমখ জুতি মতে
তেল জোখ মতে
প্ৰস্তুত প্ৰণালী --- পুঠিমাছ কেইটা বাচি ধুই পঠালিকৈ কাঁচি দিব। ধনীয়া পাত খিনি খুব মিহিকৈ কুটি লওঁক। নেমুৰ চকলৰ বাহিৰে বাকী খিনি সামগ্ৰী মিহলাই লৈ মাছ কেইটাত ভালদৰে সানি আধা ঘণ্টা থৈ দিয়ক। গ্ৰীল প্যান বা ফ্ৰাই প্যান এখনত জোখ মতে তেল দি মেৰিনেটেড মাছ কেইটা বহাই দি দুচকল নেমু আৰু কেইচামুচ মান মেৰিনেড ঢালি দিব। মাছ কেইটা লুটিয়াই দি ভালদৰে ভজা হলে পিয়াঁজৰ ৰিং আৰু নেমুৰ চকলেৰে সজাই গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment