Saturday, 17 August 2019

Mango Tart ( Eggless)


সামগ্ৰী --
(১) কাষ্টাৰ্ডৰ বাবে লাগিব--
মেংগ' বা ভেনিলা কাষ্টাৰ্ড
পাউদাৰ ডেৰ টেবুল চামুচ
চেনি দুই টেবুল চামুচ
গাখীৰ দুই কাপ
নিমখ এচিকুট
(২)  টাৰ্ট চ্যেল ( Shell )ৰ বাবে লাগিব --
পাউদাৰ চেনি দুই টেবুল চামুচ
বৰফৰ পানী এক টেবুল চামুচ
ঠাণ্ডা বাটাৰ ৬০ গ্ৰাম
ময়দা ১২০ গ্ৰাম
 মেংগ' ৰোজ ( সজাবলৈ )ৰ বাবে
পকা আম দুটা

প্ৰস্তুত প্ৰণালী ---   ( ১ ) কাষ্টাৰ্ড পাউদাৰ খিনি অলপ মান গাখীৰত গুলি লৈ বাকী খিনি গাখীৰ গৰম হবলৈ দি লগে লগেই চেনি, নিমখ আৰু গুলি থোৱা কাষ্টাৰ্ড পাউদাৰ খিনি দি একেৰাহে লৰাই অলপ গোট মাৰিলে নমাই আনি ঠাণ্ডা হবলৈ দিয়ক।
( ২ ) ময়দা খিনিত চেনি আৰু বাটাৰ মিহলাই দুয়োখন হাতেৰে ভালদৰে মোহাৰি মোহাৰি বাটাৰ খিনি গলাই লৈ ঠাণ্ডা পানী চামুচ দি সামান্য মাৰি লৈ লাহে লাহে বেলি ৰুটি খন টাৰ্ট মল্ডত পাৰি দি ১৮০ ডিগ্ৰীত ২০-২২ মিনিট সময় বেক কৰিব। টাৰ্ট টো ঠাণ্ডা হলে চ্যেল টো এৰুৱাই কাষ্টাৰ্ড খিনি ভৰাই দিব। পকা আম দুটা দীঘলীয়াকৈ পাতল পাতলকৈ কাটি ৰোজ আকাৰত সজাই ফ্ৰীজত এঘন্টা থৈ উলিয়াই আনি পৰিবেশন কৰিব।


No comments: