সামগ্ৰী --
মুৰ্গীৰ মাংস ৭৫০ গ্ৰাম
বলছামিক ভিনেগাৰ দুই টেবুল চামুচ
টমেট' ছিলি ছছ এক টেবুল চামুচ
হনি ছয়া ছছ দুই টেবুল চামুচ
জালুকৰ গুৰি আধা চামুচ
কেঁচা জলকীয়া চাৰিটা মান
নহৰুৰ কোহ ৭-৮ টা মান
নিমখ সোৱাদ অনুযায়ী
নহৰু বটা ডেৰ চামুচ
আদা বটা এক চামুচ
নেমুৰ ৰস এচামুচ
তেল জোখ মতে
মৌ এক চামুচ
পিয়াঁজ দুটা
প্ৰস্তুত প্ৰণালী --- মাংস খিনি ধুই ভালদৰে পানী চেপি লব। পিয়াঁজ দুটা ডাঙৰ টুকুৰা কৰি কাটিব আৰু জলকীয়া কেইটা মাজেৰে ফালি লব। বহল বাচন এটাত মাংস খিনি লৈ পিয়াঁজ আৰু নহৰুৰ কোহৰ বাহিৰে বাকী সকলো মচলা আৰু নিমখ দি সানি লৈ এঘন্টা থৈ দিয়ক। কেৰাহীত জোখ মতে তেল দি মাংস খিনি বহাই লৰাই দিয়ক। ৰৈ যোৱা মেৰিনেড খিনিও ঢালি দিব। মাংস আধা ভজা হলে পিয়াঁজ আৰু নহৰুৰ কোহ কেইটা দি ঢাকোন লগাই কম মধ্যমীয়া জুইত সিজিবলৈ দিয়ক। মাংস ভালদৰে সিজিলে নেমুৰ ৰস আৰু মৌ দি এক মিনিট একেৰাহে লৰাই নমাই থব। ৰোষ্টেড বগা তিলেৰে সজাই গৰমে গৰমে পৰিবেশন কৰিব।

No comments:
Post a Comment