সামগ্ৰী --
কঁঠালৰ গুটি ১৮-২০ টা
Amul mithai mate আধা কাপ
Amul milk powder আধা কাপ
বহুৰঙী চুগাৰ পাৰ্ল কেইটামান
ঘিউ এক টেবুল চামুচ
ইলাচিৰ গুৰি এচিকুট
অলমণ্ড আধা কাপ
নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী --- কঁঠালৰ গুটি কেইটা বাকলি গুচাই দুঘণ্টা মান তিয়াই থৈ বাদামী ৰঙৰ বাকলি খিনিও গুচাই লব। তাৰ পিছত গুটি কেইটা ভালদৰে সিজাই মিক্সিত পিহি লওঁক। কেইটা মান অলমণ্ড সজাবৰ বাবে ৰাখি বাকী খিনি মিহিকৈ গুৰি কৰি লব। ননষ্টিক কেৰাহীত ঘিউ খিনিৰ আধা মান গৰম হবলৈ দি পিহি থোৱা গুটি খিনি আৰু অলমণ্ডৰ গুৰি দি কম জুইত অলপ লৰাই মিঠাই মেট, ইলাচি গুৰি আৰু নিমখ দি একেৰাহে লৰাই থাকিব। মাজতে বাকী থকা ঘিউ খিনিও ঢালি দিব। লৰাই থাকোতে মিশ্ৰণ খিনি কেৰাহীৰ পৰা এৰাই আহিলে জুই বন্ধ কৰি মিল্ক পাউদাৰ খিনি অলপ অলপকৈ দি ভালদৰে মিহলাই লৈ সৰু সৰু লাড়ু বনাই সামান্য চেপেটা কৰি আঙুলি এটাৰে অলপ ডবাই দি অলমণ্ড আৰু চুগাৰ পাৰ্ল দি মিঠাই কেইটা সুন্দৰকৈ সজাই পৰিবেশন কৰিব। আইনাৰ বটলত ভৰাই ফ্ৰীজত ৰাখিলে বহুদিনলৈ জুতি লৈ থাকিব পাৰিব।
No comments:
Post a Comment