Monday, 22 July 2019

Burnt Garlic Flavoured Beetroot Kabab


সামগ্ৰী --

বিতৰুটৰ টুকুৰা এবাতি
মিহিকৈ কুটা নহৰু এচামুচ
আৰু আদা আধা চামুচ
নহৰুৰ কোহ ৫-৬ টা মান
পিয়াজ, জলকীয়া দুটাকৈ
ৰোকা পনীৰ আধা কাপ
জিৰা ধনীয়া গুৰি, চাটমচলা,
কচুৰি মিথি,গৰম মচলা আৰু
জালুকৰ গুৰি আধা চামুচকৈ
নিমখ, জলকীয়াগুৰি জুতি মতে
ধনীয়া পদিনা পাত এমুঠিকৈ
নেমুৰ ৰস দুই চামুচ
সিজোৱা আলু এটা
তেল জোখ মতে

প্ৰস্তুত প্ৰণালী ----   বিতৰ টুকুৰা কেইটা সিজাই একাষে থৈ দিয়ক। পিয়াজ জলকীয়া সৰুকৈ কাটি লব। কেৰাহীত জোখ মতে তেল দি পিয়াজ জলকীয়া ভাজি গোটা নহৰু আৰু ধনীয়া পদিনা পাতৰ বাহিৰে বাকী সকলো মচলা ভাজি লৈ সিজোৱা বিত,আলু আৰু পনীৰ খিনি অলপ ভাজি মিক্সিত পিহি লওঁক। কেৰাহীত আকৌ এচামুচ তেল দি নহৰু কেইকোহ মিহিকৈ কাটি অলপ দেই যোৱালৈ ভাজি বিতৰ মিশ্ৰণটোত ঢালি দিব লগতে নিমখ আৰু ধনীয়া পদিনা পাত খিনিও কাটি দি ভালদৰে সানি নিজৰ পছন্দ মতে কাবাবৰ আকাৰ দি তেলত ভাজি চছ চাটনিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।



No comments: