Tuesday, 20 August 2019

Diabetic Friendly Wheat Flour & Stevia Cupcake



সামগ্ৰী --

আটা এক কাপ
Stevia পাতৰ গুৰি এচামুচ
অলমণ্ডৰ গুৰি আধা কাপ
ডাৰ্ক চকলেট আধা কাপ
ছয়াবিন তেল আধা কাপ
বেকিং পাউদাৰ এচামুচ
ভিনেগাৰ আধা চামুচ
ভেনিলা এচেঞ্চ এচামুচ
দৈ দুই টেবুল চামুচ
গাখীৰ আধা কাপ
নিমখ এচিকুট

প্ৰস্তুত প্ৰণালী ----    দুচামুচ মান গৰম গাখীৰত দি চকলেট খিনি গলাই লওঁক। ময়দা, অলমণ্ডৰ গুৰি, Stevia পাতৰ গুৰি, নিমখ আৰু বেকিং পাউদাৰ লগলগাই চালি লব। বহল বাচন এটাত জুলীয়া সামগ্ৰী কেইবিধ ফেটি লৈ তাত ময়দাৰ মিশ্ৰণ খিনি অলপ অলপকৈ দি ভালদৰে ফেটি কাপকেক মল্ডত ভৰাই ১৮০ ডিগ্ৰীত ২৫-২৭ মিনিট সময় বেক কৰিব। কুকাৰত বনালে সময় অলপ বেছি লাগিব পাৰে। কাপকেক কেইটা ঠাণ্ডা হলে ফলৰ টুকুৰাৰে সুন্দৰকৈ সজাই পৰিবেশন কৰিব।

No comments: