সামগ্ৰী --
চয়াবিন ২৫০ গ্ৰাম
পনীৰ ১২৫ গ্ৰাম
বেচন দুই চামুচ
বাটাৰ দুই চামুচ
নেমুৰ ৰস দুই চামুচ
কেঁচা জলকীয়া,বিলাহী
আৰু পিয়াজ দুটাকৈ
নহৰু বটা ডেৰ চামুচ
আদা বটা এক চামুচ
জিৰা, ধনীয়া গুৰি আৰু
গৰম মচলা আধা চামুচকৈ
চাট মচলা এক চামুচ
ধনীয়া পদিনা পাত এমুঠিকৈ
জালুক,জলকীয়া গুৰি আৰু
নিমখ সোৱাদ অনুযায়ী
তেল প্ৰয়োজন মতে
প্ৰস্তুত প্ৰণালী --- চয়াবিন খিনি গৰম পানীত দহ মিনিট তিয়াই থৈ তাৰ পিছত ঠান্ডা পানীৰে ভালকৈ ধুই পানী চেপি লব। চয়াবিন খিনিৰ লগত পিয়াজ, জলকীয়া, বিলাহী আৰু বাটাৰ দি মিক্সিত পিহি লওঁক। পনীৰ খিনি ৰুকি বা হাতেৰে মোহাৰি লব। ধনীয়া পদিনা পাত দুমুঠি কুটি লব। এতিয়া বহল বাচন এটাত সকলো বোৰ সামগ্ৰী লগলগাই ভালদৰে সানি কেইটা মান লাড়ু বনাই লৈ শ'লাত দিঘলীয়াকৈ লগাই কাবাব কেইটা তেলত ভাজি লব। ভজাৰ পিছত আঙঠাৰ জুই অথবা গেছৰ জুইত অলপ সেকি গৰমে গৰমে চছ বা চাটনিৰ লগত কাবাবৰ জুতি লওঁক।
No comments:
Post a Comment