Saturday, 20 July 2019

Maati Mah / Urad Dal With Komora / Ash Gourd


সামগ্ৰী --

মাটি মাহৰ দালি ২৫০ গ্ৰাম
কোমোৰাৰ টুকুৰা এবাতি
পিয়াজ, বিলাহী দুটাকৈ
কেঁচা জলকীয়া চাৰিটা
আদা নহৰু এক চামুচকৈ
জিৰা ধনীয়া গুৰি এচামুচ
জালুকৰ গুৰি আধা চামুচ
নিমখ, জলকীয়া গুৰি
সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে
ধনীয়া পাত এমুঠি
তেজপাত দুটা
ঘিউ এক চামুচ

প্ৰস্তুত প্ৰণালী  ----   মাহৰ দালি খিনি এক ডেৰ ঘন্টা তিয়াই ভালদৰে ধুই কোমোৰাৰ সৈতে নিমখ দি সিজাই লওঁক। কোমোৰাৰ টুকুৰা কেইটা ডাঙৰকৈ কাটি লব লগতে বাকী পাচলি খিনিও কাটি লব। কেৰাহীত জোখ মতে তেল দি তেজপাত,জলকীয়া,পিয়াজ আৰু বাকী  মচলা ভাজি বিলাহী খিনি ভাজিব। মচলা ভালকৈ ভজা হলে কোমোৰাৰ সৈতে দালি খিনি ঢালি দি উতলিব দিব। নিজৰ জোখ মতে পানী দিব। ভালদৰে উতলিলে ঘিউ আৰু ধনীয়া পাত দি নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুব সোৱাদ লাগে। 

No comments: