সামগ্ৰী --
মান কচু এটা ( মাটিৰ তলৰ অংশ )
জলকীয়া গুৰি দুই চাহ চামুচ
গোটা ধনীয়া দুই টেবুল চামুচ
গোটা জিৰা দুই চাহ চামুচ
আজোৱাইন আধা চামুচ
ছফ গুটি দুই চাহ চামুচ
তেঁতেলিৰ ৰস দুচামুচ
নিমখ সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে
মিথি গুৰি এচিকুট
প্ৰস্তুত প্ৰণালী --- মান কচু টোৰ বাকলি গুচাই ধুই ৰুকি লৈ এচামুচ নিমখ সানি দহ মিনিট থৈ দিয়ক। তাৰ পিছত নিমখ পানী চেপি কচু খিনি ঠান্ডা পানীৰে ভালকৈ ধুই টানকৈ চেপি দুদিন ৰ'দত শুকুৱাব। গোটা মচলা কেইবিধ সুদা কেৰাহীত ভাজি হৰহৰীয়াকৈ গুৰি কৰি লব। কচু খিনিত আটাইবোৰ মচলা, তেল আৰু নিমখ হালধি সানি এক ৰ'দ লগাই আইনাৰ বৈয়ামত ভৰাই থব। মাজে মাজে ৰ'দত দি থাকিলে বহুদিনলৈ ভালে থাকিব। ৰুটি, লুচিৰ লগত খাবলৈ খুবেই জুতি লগা হয়।
No comments:
Post a Comment