Thursday, 11 July 2019

Shol Fish Tangy Jhol With Black Taro & Garcinia Pedunculata / Bor Thekera


ক'লা কচু আৰু বৰ থেকেৰাৰে শ'ল মাছৰ টেঙা জোল

সামগ্ৰী --
শ'ল মাছ ৭-৮ টুকুৰা
ক'লা কচু ৪-৫ ডাল
বৰ থেকেৰা ৩-৪ টুকুৰা
কেঁচা জলকীয়া চাৰিটা
সৰিয়হ আধা চাহ চামুচ
আদা নহৰু বটা এচামুচ
জিৰা ধনীয়া গুৰি এচামুচ
জালুক, জলকীয়া গুৰি,
নিমখ সোৱাদ অনুযায়ী
তেল, হালধি জোখ মতে
পিয়াজ,বিলাহী  দুটাকৈ

প্ৰস্তুত প্ৰণালী ---   মাছ কেইটুকুৰা ভালদৰে ধুই নিমখ হালধি সানি একাষে থৈ দিয়ক। থেকেৰা বা শুঠি টেঙা খিনি ধুই গৰম পানীত তিয়াই থৈ দিয়ক। কচু কেইডাল ধুই বাকলি গুচাই মিহিকৈ কুটি লব। পিয়াজ জলকীয়া সৰুকৈ কাটি লব। কেৰাহীত জোখ মতে তেল দি মাছ কেইটুকুৰা ভাজি তুলি থৈ সেই তেলতে সৰিয়হ ফুটাই দি পিয়াজ,জলকীয়া আৰু মচলা ভাজি লৈ বিলাহী খিনি ভাজিব। এতিয়া কচু খিনি দি  নিমখ হালধি দি ভালদৰে লৰাই ঢাকোন মাৰি ৬-৮ মিনিট মান সিজিবলৈ দিব। কচু সিজি পানী উঠিলে থেকেৰা টেঙা আৰু এগিলাচ মান পানী দি উতলিব দিব। এক উতল আহিলে ভজা মাছ কেইটুকুৰা আঞ্জা খনত দি আকৌ উতলিব দিব। আঞ্জা খন কিছু ঘন হলে নমাই আনি গৰম ভাতৰ লগত পৰিবেশন কৰিব।


No comments: