সামগ্ৰী --
পকা আম এক কিলো
ঘন ক্ৰীম ২০০ মি:লি
চেনি ১০০ গ্ৰাম
নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী ---- আম কেইটা কাটি মিক্সিত দি পিউৰি বনাই লওঁক। চেনি খিনিও পিহি গুৰি কৰি লব। বহল বাচন এটাত ক্ৰীম খিনি ফেটি লৈ তাত আমৰ পিউৰি ,চেনি আৰু নিমখ ভালদৰে মিহলাই লৈ ঢাকোন থকা বাচন এটাত ঢালি ফ্ৰীজাৰত দুঘন্টা থৈ উলিয়াই আনি কাটা চামুচ এখনেৰে আইচ ক্ৰীম খিনি ভাঙি দি ঢাকোন লগাই বাচনটো আকৌ ফ্ৰীজাৰত ৫-৬ ঘন্টা থৈ উলিয়াই আনি মেংগ' আইচ ক্ৰীমৰ জুতি লওঁক।
No comments:
Post a Comment