Friday, 12 July 2019

Chicken Stuffed Boiled Wheat Dumpling


সামগ্ৰী ---
ব'নলেছ চিকেন ৩৫০ গ্ৰাম
পিয়াজ ,জলকীয়া দুটাকৈ
মিহিকৈ কুটা নহৰু এচামুচ
আৰু আদা আধা চামুচ
জিৰা ধনীয়া গুৰি এচামুচ
টমেট' চিলি চছ এক চামুচ
হনি ছয়া চছ এক চামুচ
জালুক জলকীয়া গুৰি আৰু
নিমখ সোৱাদ অনুযায়ী
ধনীয়া পাত এমুঠি
আটা এক কাপ
তেল এক চামুচ

প্ৰস্তুত প্ৰণালী ---    আটা খিনিত সামান্য নিমখ আৰু তেল চামুচ দি কোমলকৈ মাৰি দহ মিনিট থৈ দিয়ক। পিয়াজ, জলকীয়া সৰুকৈ কুটি লব। চিকেন খিনি সৰু সৰু টুকুৰা কৰি অথবা মিক্সিত অলপ পিহি লব। বহল বাচন এটাত চিকেনৰ লগত সকলোবোৰ সামগ্ৰী লগলগাই ভালদৰে সানি লওঁক। ঢাকোন থকা চছপেন এটাত পানী উতলিবলৈ দিয়ক। মাৰি থোৱা আটা খিনিৰ সৰু সৰু লাড়ু কৰি বেলি লৈ মাজত এচামুচকৈ চিকেনৰ মিশ্ৰণ ভৰাই দাম্পলিঙৰ আকাৰ দি উতলা পানীত দি ঢাকোন লগাই সিজিবলৈ দিব। দাম্পলিঙ কেইটা ৫-৮ মিনিট পিছত নমাই আনি চছ চাটনিৰ লগত পৰিবেশন কৰিব।

No comments: