সামগ্ৰী --
পঠা ছাগলীৰ মাংস এক কিলো
পিয়াজ ,জলকীয়া চাৰিটাকৈ
বিলাহী , তেজপাত দুটাকৈ
জালুকৰ গুৰি এক চামুচ
গৰম মচলা এক চামুচ
ধনীয়া গুৰি ডেৰ চামুচ
জিৰা গুৰি এক চামুচ
মিট মচলা এক চামুচ
আদা বটা এক চামুচ
নহৰু বটা ডেৰ চামুচ
তেঁতেলিৰ ৰস দুচামুচ
জলকীয়া গুৰি আৰু
নিমখ সোৱাদ অনুযায়ী
তেল ,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী ---- মাংস খিনিত নিমখ, হালধি,জালুকৰ গুৰি, এটা কটা পিয়াজ আৰু এগিলাচ পানী দি কুকাৰত সিজাই লওঁক। বিলাহী, পিয়াজ আৰু জলকীয়া কেইটা মিক্সিত পিহি লব। কেৰাহীত প্ৰয়োজন মতে তেল দি তেজপাত ,পিয়াজ বটা আৰু বাকী সকলো বোৰ মচলা ভাজি সিজোৱা মাংস খিনি ভাজিব। অলপ সময় ভালদৰে ভাজি এগিলাচ মান পানী দি উতলিবলৈ দিব। আঞ্জা খন উতলি ঘন হলে তেঁতেলিৰ ৰস দি নমাই থব। ভাত ,প'লাও অথবা ৰুটিৰ লগত খাবলৈ খুবেই জুতি লগা হয়।
No comments:
Post a Comment