Wednesday, 17 July 2019

Kid's Party Dessert Eggless Strawberry Cake



সামগ্ৰী --
ময়দা এক কাপ
ষ্ট্ৰবেৰি ৩০০ গ্ৰাম
অলমণ্ড পাউদাৰ আধা কাপ
অলমণ্ডৰ টুকুৰা দুই টেবুল চামুচ
এপ্ৰিকটৰ টুকুৰা দুই টেবুল চামুচ
পিস্তাৰ টুকুৰা দুই টেবুল চামুচ
কাজুৰ টুকুৰা দুই টেবুল চামুচ
ষ্ট্ৰবেৰি এচেঞ্চ এক চামুচ
কনডেন্স মিল্ক এক কাপ
মেলটেড বাটাৰ আধা কাপ
বেকিং পাউদাৰ এক চামুচ
বেকিং ছ'ডা আধা চামুচ
হুইপিং ক্ৰীম এক কাপ
গাখীৰ আধা কাপ
দৈ দুই টেবুল চামুচ
নিমখ এচিকুট

প্ৰস্তুত প্ৰণালী  ----    কেক টিন এটাত বাটাৰ পেপাৰ পাৰি লৈ বাটাৰ ব্ৰাছ কৰি ময়দা ছটিয়াই একাষে থৈ দিয়ক। দহটা মান ষ্ট্ৰবেৰি দুফাল কৰি লৈ বাকী কেইটা মিক্সিত দি পিউৰি কৰি লব। ষ্ট্ৰবেৰিৰ টুকুৰা আৰু হুইপিং ক্ৰীম খিনি একাষে থৈ দিব। ময়দাৰ লগত পাউদাৰ সামগ্ৰী খিনি লগলগাই চালি লওঁক। বহল বাচন এটাত গাখীৰ,কনডেন্স মিল্ক, বাটাৰ আৰু দৈ ফেটি লৈ ময়দা আৰু বাকী সকলো সামগ্ৰী মিহলাই কেক টিন টোত ঢালি প্রীহিট অ'ভেনত ১৮০ ডিগ্ৰীত ৩৫-৪০ মিনিট বেক কৰিব। কেক টো ঠান্ডা হলে পঠালিকৈ দুফাল কৰি কাটি লব। হুইপিং ক্ৰীম খিনি ফেটি লৈ এফাল কেকত দুচামুচ মান বহলাই দি ওপৰত ষ্ট্ৰবেৰিৰ টুকুৰা বোৰ দি তাৰ ওপৰত আন ফাল কেক ৰাখি ওপৰত আকৌ বেছিকৈ ক্ৰীম লগাই যিকোনো জেলি বা কেন্দিৰে কেকটো সজাই দিব।



No comments: