Tuesday, 16 July 2019

Burnt Cabbage Kabab With Lettuce Leave Salad



দেই যোৱা বন্ধা কবিৰ কাবাব

সামগ্ৰী --
দেই যোৱা বন্ধা কবি এবাতি
কেপচিকামৰ টুকুৰা আধা কাপ
কুটি লোৱা পিয়াজ,জলকীয়া দুটাকৈ
ৰুকি লোৱা পনীৰ আধা কাপ
ৰুকি লোৱা গাজৰ আধা কাপ
সিজোৱা মটৰ আধা কাপ
বিলাহীৰ টুকুৰা আধা কাপ
মিহিকৈ কুটা নহৰু এচামুচ
আৰু আদা আধা চামুচ
ধনীয়া পদিনা পাত এমুঠিকৈ
ধনীয়া গুৰি,কচুৰি মিথি আৰু
গৰম মচলা আধা চামুচকৈ
জালুক,জলকীয়া গুৰি আৰু
নিমখ সোৱাদ অনুযায়ী
নেমুৰ ৰস দুই চামুচ
তেল বা মাখন জোখ মতে
চালাড পাত কেইটামান
অলিভ অইল এচামুচ

প্ৰস্তুত প্ৰণালী  ----     চালাড পাত কেইটা ধুই খৰাহী এটাত উঠাই থৈ দিয়ক। বহল বাচন এটাত বন্ধা কবিৰ লগত আটাইকেইবিধ সামগ্ৰী লগলগাই ভালদৰে সানি লৈ নিজৰ পছন্দ মতে কাবাব তৈয়াৰ কৰি ননষ্টিক তাৱাত তেল বা মাখনত ভাজি উঠাই থওঁক। এচিকুট নিমখ, জালুকৰ গুৰি,অলিভ অইল আৰু নেমুৰ ৰস লগলগাই এটা মিশ্ৰণ বনাই চালাড পাত কেইটাৰ ওপৰত ঢালি পাত কেইটা প্লেটত ৰাখি তাৰ ওপৰত কাবাব কেইটা সজাই চছৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 

No comments: