সামগ্ৰী --
চিকেন এক কিলো
বলছামিক ভিনেগাৰ দুই টেবুল চামুচ
বটা নহৰু দুই চাহ চামুচ
তবেস্ক' ছছ দুই চাহ চামুচ
জালুকৰ গুৰি আধা চাহ চামুচ
জিৰা ধনীয়া গুৰি এক চাহ চামুচ
তণ্ডুৰি চিকেন মচলা এক চাহ চামুচ
নিমখ সোৱাদ অনুযায়ী
নেমুৰ ৰস দুই চাহ চামুচ
তেল জোখ মতে
পিয়াজ দুটা
প্ৰস্তুত প্ৰণালী ---- মাংস খিনি ধুই পানী টুকি লব। পিয়াজৰ বাহিৰে বাকী সকলো সামগ্ৰী লগলগাই মিশ্ৰণ এটা তৈয়াৰ কৰি লব। বহল বাচন এটাত মাংস খিনি লৈ তাত মচলাৰ মিশ্ৰণটো ঢালি ভালদৰে সানি দুঘন্টা থৈ দিয়ক। পিয়াজ দুটা ডাঙৰ টুকুৰা কৰি কাটি সামান্য জালুকৰ গুৰি আৰু নিমখ দি আধা ভজা কৰি একাষে থৈ দিয়ক। গ্ৰীল প্যান এখনত জোখ মতে তেল দি মাংস খিনি বহাই দিব। বাচন টোত ৰৈ যোৱা মচলা খিনিও দিব। মধ্যমীয়া জুইত মাংস খিনি ভাজি লৈ ভজা পিয়াজ আৰু পদিনা পাতেৰে সজাই গৰমে গৰমে পৰিবেশন কৰিব। 
No comments:
Post a Comment