সামগ্ৰী --
পনীৰ ৩৫০ গ্ৰাম
নহৰু বটা এক টেবুল চামুচ
জালুকৰ গুৰি এক চাহ চামুচ
বিতৰুটৰ পিউৰি এক কাপ
কাজু বটা এক চাহ চামুচ
পিয়াজ , বিলাহী দুটাকৈ
কেঁচা জলকীয়া তিনিটা
আদা বটা এক চাহ চামুচ
গৰম মচলা, জিৰা ধনীয়া আৰু
কচুৰিমিথি আধা চামুচকৈ
নিমখ সোৱাদ অনুযায়ী
নেমুৰ ৰস দুচামুচ
তেল জোখ মতে
প্ৰস্তুত প্ৰণালী --- পনীৰ খিনি টুকুৰা কৰি কাটি লৈ বটা নহৰু আৰু জালুকৰ গুৰি সানি আধা ঘন্টা থৈ দিয়ক। পাচলি কেইবিধ সৰুকৈ কাটি লওঁক। কেৰাহীত জোখ মতে তেল দি পিয়াজ জলকীয়া ভাজি বটা আৰু গুৰি মচলা বোৰ ভাজিব। মচলাৰ ভজা গোন্ধ ওলালে বিলাহী ভাজি লৈ বিতৰ পিউৰি খিনি দি একেৰাহে অলপ সময় লৰাই নিমখ আৰু এগিলাচ মান পানী দি উতলিব ধৰিলে পনীৰ খিনি দিব। মেৰিনেট কৰা নহৰুৰ ৰস খিনিও ঢালি দিব। আঞ্জা খন উতলি অলপ ঘন হলে নেমুৰ ৰস দি কেৰাহীটো নমাই থব। যিকোনো পোলাও আৰু ৰুটিৰ লগত খুবেই জুতি লগা হয়।
No comments:
Post a Comment