নহৰু স্বীজ বেবী কৰ্ণ
সামগ্ৰী --
বেবী কৰ্ণ ১৫ টা মান
আমূল স্বীজ আধা কাপ
মিহিকৈ কুটা নহৰু দুচামুচ
মিহিকৈ কুটা আদা এচামুচ
কেঁচা জলকীয়া চাৰিটা
পিয়াজ , বিলাহী দুটাকৈ
জিৰা, ধনীয়া গুৰি আৰু
কচুৰি মিথি আধা চামুচকৈ
গৰম মচলা আধা চামুচ
নিমখ, জালুকৰ গুৰি
সোৱাদ অনুযায়ী
নেমুৰ ৰস দুই চামুচ
তেল জোখ মতে
প্ৰস্তুত প্ৰণালী ---- বেবী কৰ্ণ কেইটা সিজাই পানী টুকি লৈ সামান্য নিমখ দি আধা ভজা কৰি একাষে থৈ দিয়ক। পিয়াজ আৰু বিলাহী সিজাই জলকীয়াৰ লগত মিক্সিত পিহি লব। খুব বেছি মিহি হব নালাগে। কেৰাহীত জোখ মতে তেল দি আদা নহৰু আৰু বাকী মচলা ভাজি লৈ পিয়াজৰ মিশ্ৰণ খিনি ভাজিব। ভালদৰে ভজা হলে স্বীজ, বেবী কৰ্ণ আৰু নিমখ দি অলপ সময় একেৰাহে লৰাই এগিলাচ মান পানী দি উতলিবলৈ দিব। আঞ্জা খন থুপথুপিয়া হলে নেমুৰ ৰস খিনি দি নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুব জুতি লগা হয়।

No comments:
Post a Comment