Tuesday, 25 June 2019

Gundruk Recipe ( Nepali Traditional Side Dish

গুণ্ডৰুক ( পাৰম্পৰিক নেপালী ব্যঞ্জন )

সামগ্ৰী --
মূলাৰ পাত এমুঠি
পালেং শাক এমুঠি
সৰিয়হ শাক এমুঠি
কেঁচা জলকীয়া চাৰিটা
চয়াবিন আধা কাপ
পিয়াজ, বিলাহী এটাকৈ
আদা নহৰু এক চামুচ
জিৰা ধনীয়া গুৰি এচামুচ
নিমখ, জালুকৰ গুৰি
সোৱাদ অনুযায়ী
ধনীয়া পুদিনা পাত অলপ
তেল, হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী ----    শাক খিনি বাচি ধুই হাতেৰে ছিঙি ডাঙৰ ডাঙৰ টুকুৰা কৰি আইনাৰ বৈয়ামত ভৰাই এসপ্তাহলৈ ৰ'দত শুকুৱাই লব লাগিব। তাৰ পিছত কেৰাহীত সামান্য তেল দি চয়াবিন খিনি ভাজি একাষে থৈ দিব। সেইটো কেৰাহীতে জোখ মতে তেল দি জলকীয়া, পিয়াজ,বিলাহী আৰু বাকী সকলো মচলা ভাজি শাক খিনি ভাজিব। ভালদৰে ভজা হলে চয়াবিন ,নিমখ,হালধি আৰু এগিলাচ পানী দি উতলিবলৈ দিব। আঞ্জা খন থুপথুপিয়া হলে ধনীয়া পুদিনা পাত দি নমাই থব।

No comments: