সামগ্ৰী --
( ১ ) কণীৰ বগা ( ক্ৰীমৰ জেলি ) অংশৰ বাবে...
গাখীৰ আধা কাপ
ক্ৰীম ২০০ মি:লি
চেনি দুই টেবুল চামুচ
ভেনিলা এচেঞ্চ এচামুচ
জিলেটিন দুই চামুচ
( ২ ) কণীৰ কুহুমৰ ( আমৰ জেলি ) বাবে...
পকা আমৰ পিউৰি এক কাপ
চেনি এক টেবুল চামুচ
জিলেটিন এক চামুচ
নিমখ এচিকুট।
আৰু
কণীৰ আকাৰৰ সাঁচ কেইটামান
সতেজ ফল দুবিধ মান
প্ৰস্তুত প্ৰণালী --- (১ ) জিলেটিন খিনি দুচামুচ মান পানীত তিয়াই থৈ দিয়ক। গাখীৰ খিনি গৰম হবলৈ দি চেনি দিব। একেৰাহে লৰাই থাকি ক্ৰীম ,ভেনিলা এচেঞ্চ আৰু জিলেটিন দি ভালদৰে গলিলে নমাই আনি আকৌ ৩০ ছেকেণ্ড মান একেৰাহে লৰাই সাঁচত ভৰাই ফ্ৰীজত ২০ মিনিট থৈ দিয়ক।
( ২ ) জিলেটিন খিনি পানীত তিয়াই থৈ দিয়ক। আমৰ পিউৰি খিনি গৰম হবলৈ দি চেনি ,নিমখ আৰু জিলেটিন দি একেৰাহে লৰাই চেনি গলিলে নমাই আনি আকৌ ৩০ ছেকেণ্ড মান লৰাব। ফ্ৰীজৰ পৰা সাঁচ কেইটা উলিয়াই আনি চামুচ এখনেৰে কুহুমৰ জোখত ক্ৰীম খিনি উলিয়াই আমৰ জেলি ভৰাই সাঁচ কেইটা আকৌ ফ্ৰীজত এঘন্টা মান থৈ সাঁচৰ পৰা উলিয়াই ফলেৰে সজাই পৰিবেশন কৰিব।
No comments:
Post a Comment