সামগ্ৰী --
দেশী মুৰ্গীৰ মাংস এক কিলো
বাকলি থকা মুগৰ দালি একাপ
এলোৱেৰাৰ পাত দুটা
পিয়াজ, জলকীয়া চাৰিটাকৈ
বিলাহী, তেজপাত দুটকৈ
জিৰা ধনীয়া গুৰি এক চামুচকৈ
মিট মচলা, গৰম মচলা আৰু
কচুৰি মিথি আধা চামুচকৈ
জালুক, জলকীয়া গুৰি আৰু
নিমখ সোৱাদ অনুযায়ী
নহৰু বটা দুই চামুচ
আদা বটা এক চামুচ
তেল, হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী ---- মাংস খিনি ধুই পানী টুকি লৈ সামান্য জালুকৰ গুৰি আৰু আদা নহৰু বটাৰ আধা মান দি ভালদৰে সানি আধা ঘন্টা থৈ দিয়ক। দালি কাপ ২০ মিনিট মান সময় তিয়াই থোৱাৰ পিছত ধুই লৈ পিয়াজ এটা দি ভাজি সিজাই লব। এলোৱেৰাৰ পাত দুটাৰ কাঁইট বোৰ গুচাই ধুই মিহিকৈ কুটি লওঁক। বাকী পাচলি খিনিও সৰুকৈ কাটি লব। কেৰাহীত জোখ মতে তেল দি পিয়াজ, জলকীয়া আৰু মচলা বোৰ ভাজি নিমখ হালধি দি এলোৱেৰা আৰু বিলাহী ভাজিব। এতিয়া মাংস খিনি দি ভালদৰে ভজা হলে সিজোৱা দালি খিনি ঢালি দি একেৰাহে অলপ সময় লৰাই থাকি মাংস সিজাৰ জোখত পানী দি উতলিব দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে নমাই থব।
No comments:
Post a Comment