Saturday, 15 June 2019

Roasted Pumpkin & Bamboo Shoot Chicken Curry

পোৰা ৰঙালাওঁ আৰু খৰিচাৰে মুৰ্গীৰ মাংস

সামগ্ৰী --
মুৰ্গীৰ মাংস এক কিলো
পোৰা ৰঙালাওঁ এবাতি
খৰিচা দুই চাহ চামুচ
পিয়াজ তিনিটা
কেঁচা জলকীয়া চাৰিটা
আদা বটা এক চামুচ
নহৰু বটা ডেৰ চামুচ
জিৰা গুৰি এক চামুচ
ধনীয়া গুৰি ডেৰ চামুচ
কচুৰি মিথি এক চামুচ
চিকেন কাৰি মচলা ,
জালুকৰ গুৰি আৰু
গৰম মচলা আধাচামুচকৈ
নিমখ সোৱাদ অনুযায়ী
তেল, হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী ----    মাংস খিনিত জালুকৰ গুৰি আৰু চিকেন কাৰি মচলা সানি আধা ঘন্টা থৈ দিয়ক। দুটুকুৰা মান ৰঙালাওঁ অলপ তেল সানি পুৰি পিটিকি লওঁক। পিয়াজ আৰু জলকীয়া সৰুকৈ কুটি লব। কেৰাহীত জোখ মতে তেল দি পিয়াজ,জলকীয়া আৰু আদা নহৰু বটা ভাজিব। খৰিচাৰ বাহিৰে বাকী সকলো মচলা অলপ ভাজি লৈ নিমখ হালধি দি মাংস খিনি ভাজিব। ভালদৰে ভজা হলে ৰঙালাওঁ খিনি দি এক মিনিট একেৰাহে লৰাই মাংস সিজাৰ জোখত পানী দি উতলিবলৈ দিব। মাংস সিজি আঞ্জা খন ঘন হৈ আহিলে খৰিচা খিনি দি পাঁচ মিনিট মান পিছত নমাই থব। গৰম ভাত আৰু ৰুটিৰ লগত খাবলৈ খুবেই সোৱাদ লগা হয়।

No comments: