Saturday, 1 June 2019

Bariyola Fish With Sesame & Coconut Sauce

তিল নাৰিকলেৰে বৰিয়লা মাছ

সামগ্ৰী --
বৰিয়লা মাছ ৭-৮ টা
তিল বটা দুই চামুচ
নাৰিকল বটা দুই চামুচ
পিয়াজ বটা দুই চামুচ
জলকীয়া বটা এক চামুচ
আদা নহৰু বটা এক চামুচ
জালুকৰ গুৰি আধা চামুচ
ধনীয়া গুৰি এক চামুচ
নেমুৰ ৰস দুই চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল হালধি জোখ মতে
পানী ডেৰ গিলাচ

প্ৰস্তুত প্ৰণালী ---    মাছ কেইটা নিমখ হালধি সানি ভাজি একাষে থৈ দিয়ক। সেই তেলতে সকলো বটা সামগ্ৰী ভাজি লৈ গুৰি মচলা খিনি ভাজিব। মচলা ভজা গোন্ধ ওলালে পানী দি লগতে ভজা
মাছ আৰু নিমখ হালধি দি উতলিবলৈ দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে নেমুৰ ৰস দি নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুব সোৱাদ লগা হয়।


No comments: