Sunday, 16 June 2019

Eggless Chocolate Cake

এগলেছ চকলেট কেক

সামগ্ৰী --
( ১ ) ময়দা এক কাপ
চেনি আধা কাপ
দৈ আধা কাপ
গাখীৰ আধা কাপ
কোকোপাউদাৰ ১/৪ কাপ
কফি পাউদাৰ এক চামুচ
বেকিং পাউদাৰ এক চামুচ
বেকিং ছ"ডা আধা চামুচ
ৰিফাইন তেল আধা কাপ
ভেনিলা এচেঞ্চ এক চামুচ
ভিনেগাৰ এক চামুচ
নিমখ এচিকুট
( ২ ) বাটাৰ ফ্ৰষ্টিঙৰ বাবে লাগিব --
নিমখ নথকা বাটাৰ ১৫০ গ্ৰাম
ডাবল ক্ৰীম ১০০ গ্ৰাম
চেনি দুই টেবুল চামুচ
ভেনিলা এচেঞ্চ এক চামুচ
( ৩ ) চকলেট ডেকোৰেছনৰ বাবে লাগিব --
ডাৰ্কচকলেট এক কাপ
আমূল ক্ৰীম আধা কাপ
বাটাৰ এক টেবুল চামুচ

প্ৰস্তুত প্ৰণালী ---- ( ১ )   কেক টিন এটাত বাটাৰ পেপাৰ পাৰি চাৰিওফালে বাটাৰ সানি ময়দা ছটিয়াই একাষে থৈ দিয়ক। শুকান সামগ্ৰী বোৰ একেলগে চালি লওঁক। বহল বাচন এটাত জুলীয়া সামগ্ৰী সমূহ একেলগে ভালদৰে ফেটি লৈ ময়দাৰ মিশ্ৰণ খিনি অলপ অলপকৈ মিহলাই লৈ কেক টিন টোত ঢালি প্ৰীহিট অ'ভেনত ১৮০ ডিগ্ৰীত ৩৫-৪০ মিনিট বেক কৰিব। কেকটো ঠান্ডা হলে মাজেৰে কাটি দুটা তৰপ কৰি লব।
(২ ) বাটাৰ খিনি কোমল হোৱালৈ ফেটি লৈ বাকী সামগ্ৰী খিনি দি আকৌ কিছুসময় ফেটি কেকৰ দুয়োটা তৰপতে ভালদৰে লগাই কেকটো ফ্ৰীজত এঘন্টা থৈ দিব।
( ৩ ) ক্ৰীম খিনি গৰম কৰি লৈ চকলেট আৰু বাটাৰ খিনি দি গলি যোৱালৈ একেৰাহে লৰাই অলপ ঠান্ডা হলে পাইপিং বেগত ভৰাই নিজৰ পছন্দ মতে সজাই আকৌ এঘন্টা ফ্ৰীজত থৈ কেকটো কাটিব।

No comments: