Saturday, 1 June 2019

Restaurant Style Shahi Paneer

ৰেষ্টুৰেণ্ট ষ্টাইল স্বাহি পনীৰ

সামগ্ৰী --
পনীৰ ৩৫০ গ্ৰাম
ক্ৰীম দুই টেবুল চামুচ
গাখীৰ এক কাপ
দৈ আধা কাপ
গোটা জিৰা আধা চামুচ
জালুকৰ গুৰি আধা চামুচ
গৰম মচলা আধা চামুচ
কচুৰি মিথি আধা চামুচ
আদা বটা আধা চামুচ
নহৰু বটা এক চামুচ
মগজ, বাদাম আৰু
কাজু বটা এক চামুচকৈ
নিমখ সোৱাদ অনুযায়ী
ঘি বা তেল দুই চামুচ
কেঁচা জলকীয়া দুটা
পিয়াজ দুটা

প্ৰস্তুত প্ৰণালী ---    পিয়াজ দুটা সিজাই মিক্সিত পিহি লওঁক। পনীৰ খিনি টুকুৰা কৰি কাটি লব। জলকীয়া দুটা মাজেৰে ফালি লব। কেৰাহীত তেল দি জিৰা আৰু জলকীয়া ভাজি লৈ সকলো বোৰ বটা সামগ্ৰী আৰু গুৰি মচলা খিনি ভাজিব। মচলাৰ ভজা গোন্ধ ওলালে দৈ খিনি ফেটি দি দুই মিনিট লৰাই গাখীৰ আৰু ক্ৰীম খিনি দি একেৰাহে অলপ সময় লৰাই নিমখ আৰু পনীৰৰ টুকুৰাবোৰ দিব। আঞ্জা খন উতলি অলপ ঘন হলে কেৰাহীটো নমাই থব। গৰম ৰুটি, নান আৰু ভাতৰ লগত খুবেই জুতি লগা হয়।


No comments: