Wednesday, 29 May 2019

Watermelon Panna Cotta Popsicles

ৱাটাৰমেলন পেন' কাটা পপছিকেলচ

সামগ্ৰী --
ৱাটাৰমেলন পিউৰি দুই কাপ
চেনি এক টেবুল চামুচ
জিলেটিন দুই চাহ চামুচ
ক্ৰীমৰ মিশ্ৰণৰ বাবে লাগিব---
ক্ৰীম এক কাপ
গাখীৰ আধা কাপ
চেনি দুই টেবুল চামুচ
জিলেটিন দুই চাহ চামুচ
ভেনিলা এচেঞ্চ এচামুচ

প্ৰস্তুত প্ৰণালী ---   ৱাটাৰমেলনৰ তৰপ টো বনাবৰ বাবে দহ মিনিট মান আগতে জিলেটিন খিনি দুচামুচমান পানীত তিয়াই থৈ দিয়ক। পিউৰি খিনি গৰম হবলৈ দি জিলেটিন আৰু চেনি দি গলি যোৱালৈ একেৰাহে লৰাই নমাই আনি পপছিকেলচ ম'ল্ড বা সৰু গিলাচ হেলনীয়াকৈ ৰাখি আধালৈ মিশ্ৰণটো ভৰাই ফ্ৰীজাৰত আধা ঘন্টা থৈ দিব। ক্ৰীমৰ মিশ্ৰণটো বনাবৰ বাবে জিলেটিন খিনি তিয়াই থব। গাখীৰ গৰম হবলৈ দি ( উতলিব নালাগে ) চেনি, ক্ৰীম,জিলেটিন আৰু ভেনিলা দি গলি যোৱালৈ একেৰাহে লৰাই নমাই আনি আকৌ এক মিনিট লৰাব। ফ্ৰীজাৰৰ পৰা ম'ল্ড কেইটা উলিয়াই আনি ক্ৰীমৰ মিশ্ৰণটো ভৰাই চিধাকৈ দহ মিনিট ৰখাৰ পিছত ষ্টিক কেইডাল সোমোৱাই দি আকৌ ২০ মিনিট ফ্ৰীজাৰত থৈ উলিয়াই আনি লগেলগেই পৰিবেশন কৰিব।

No comments: