Thursday, 20 June 2019

Mango Raspberry Jello Roll Dessert

সামগ্ৰী --

ৰস্পবেৰি জেলিৰ বাবে লাগিব ---
ফ্ৰ'জেন ৰস্পবেৰি ৫০০ গ্ৰাম
জিলেটিন দুই চাহ চামুচ
নেমুৰ ৰস এক চামুচ
চেনি এক টেবুল চামুচ
পানী আধা কাপ
নিমখ এচিকুট
আমৰ জেলিৰ বাবে লাগিব ---
পকা আম দুটা
জিলেটিন এক চাহ চামুচ
নেমুৰ ৰস আধা চামুচ
চেনি এক চাহ চামুচ
পানী দুই টেবুল চামুচ
নিমখ এচিকুট

প্ৰস্তুত প্ৰণালী -----   ৰস্পবেৰি জেলি বনাবলৈ প্ৰথমে জিলেটিন খিনি পানীত তিয়াই থৈ দিয়ক। জেলি থবলৈ বহল কাঁহী অথবা ট্ৰে এখনত অলপ তেল সানি বা বাটাৰ পেপাৰ পাৰি লব।  ননষ্টিক কেৰাহী এটাত ৰস্পবেৰি আৰু বাকী সামগ্ৰী গলিবলৈ দি মাজে মাজে লৰাই দিব। ভালদৰে গলিলে জিলেটিন খিনি দি আকৌ এক মিনিট একেৰাহে লৰাই নমাই আনি ট্ৰে বা কাঁহী খনত ঢালি ফ্ৰীজত আধা ঘন্টা থৈ দিব। জেলিৰ তৰপ টো পাতল হব লাগিব। এনেদৰে আমৰ জেলি খিনিও বনাই ৰস্পবেৰি জেলিৰ ওপৰত ঢালি আকৌ আধা ঘন্টা ফ্ৰীজত থৈ উলিয়াই আনি দীঘল দীঘল কৈ কাটি ৰোল বনাই পৰিবেশন কৰিব।


No comments: