Wednesday, 19 June 2019

Cheese Stuffed Spiny Gourd / Kakora With Rajasthani Thick Curry

ছিজ পূৰ দিয়া ভাত কেৰেলা লগত ৰাজস্থানী ঘন কাৰী

সামগ্ৰী --
ভাত কেৰেলা ৮-১০ টা
আমূল প্ৰচেজ ছিজ আধা কাপ
ৰুকি লোৱা পনীৰ আধা কাপ
জিৰা ধনীয়া গুৰি ,কচুৰি মিথি
আৰু গৰম মচলা আধা চামুচকৈ
শুকান আমৰ গুৰি এক চামুচ
অথবা নেমুৰ ৰস এক চামুচ
মিহিকৈ কুটা নহৰু এক চামুচ
ধনীয়া পুদিনা পাত অলপ
জালুক, জলকীয়া গুৰি আৰু
নিমখ সোৱাদ অনুযায়ী
তেল জোখ মতে
সিজোৱা আলু এটা
পিয়াজ এটা
কাৰীৰ বাবে লাগিব --
বেচন দুই টেবুল চামুচ
আদা নহৰু বটা এক চামুচ
জিৰা ধনীয়া গুৰি ,গৰম মচলা
আৰু জালুকৰ গুৰি আধা চামুচকৈ
শুকান জলকীয়া তিনিটা
ঘিউ এক টেবুল চামুচ
নিমখ জুতি মতে
দৈ এক কাপ

প্ৰস্তুত প্ৰণালী ---- ভাত কেৰেলা কেইটা সিজাই দুফাল কৰি গুটি বোৰ লাহে লাহে গুচাই লব যাতে কেৰেলা টুকুৰা ভাঙি নাযায়। পিয়াজটো সৰুকৈ কুটি আৰু আলুটো পিটিকি লব। ছিজ খিনি পনীৰৰ জোখাৰে ৰুকি লওঁক। বহল বাচন এটাত আটাইবোৰ সামগ্ৰী ভালদৰে সানি লৈ কেৰেলাৰ টুকুৰা বোৰত পূৰ ভৰাই তেলত ভাজি একাষে থৈ দিয়ক। কাৰী বনাবলৈ কেৰাহীত ঘিউ চামুচ দি জলকীয়া আৰু বেচন অলপ ৰঙচুৱাকৈ ভাজি লৈ বাকী মচলা দি আকৌ অলপ ভাজি দৈ আৰু এগিলাচ পানী দি একেৰাহে লৰাই থাকি ভজা কেৰেলা কেইটুকুৰা দি মচলা খিনি ভালদৰে লগাই দি ঢাকোন মাৰি কম জুইত দহ মিনিট মান ভাজি নমাই থব। 

No comments: