Friday, 21 June 2019

Lemon Swiss Roll

সামগ্ৰী ---
( ১ ) কেকৰ বাবে লাগিব ---
ময়দা ১২০ গ্ৰাম
ৰিফাইন তেল ২৫ গ্ৰাম
নেমুৰ ৰস এক চামুচ
নেমুৰ বাকলি এচামুচ
গাখীৰ  ৫০ মি:লি
চেনি ৮০ গ্ৰাম
কণী চাৰিটা
নিমখ এচিকুট

( ২ ) লেমন কাৰ্ড বনাবৰ বাবে লাগিব ---
নেমুৰ ৰস ২/৩ কাপ ( ১৫০ মি:লি )
বাটাৰ ১/৩ কাপ ( ৭৫ গ্ৰাম )
নেমুৰ বাকলি এক চামুচ
তিনিটা কণীৰ বগা অংশ
কণীৰ কুহুম পাঁচটা
কৰ্ণফ্লাৰ এক চামুচ
চেনি ১/৪ কাপ

( ৩ ) লেমন চিৰাপ বনাবৰ বাবে লাগিব ---
নেমুৰ ৰস দুই টেবুল চামুচ
নেমুৰ বাকলি এক চামুচ
চেনি ১০০ গ্ৰাম
পানী ১০০ গ্ৰাম

প্ৰস্তুত প্ৰণালী -----    ( ১ ) বেকিং ট্ৰে ( 27× 27 cm ) এখনত বাটাৰ পেপাৰ পাৰি ট্ৰেখনৰ চাৰিওফালে বাটাৰ সানি একাষে থৈ দিয়ক। কণীৰ কুহুম আৰু চেনি খিনি একেলগে ভালদৰে ফেটি লওঁক। কণীৰ বগা খিনি আন এটা পাত্ৰত ফেটি লব। বহল বাচন এটাত কণীৰ কুহুমৰ মিশ্ৰণ খিনিৰ লগত ময়দা আৰু বাকী সকলো সামগ্ৰী লগলগাই লাহে লাহে ফেটি বেকিং ট্ৰেখনত বহলাই দি ১৮০ ডিগ্ৰীত ৮-১০ মিনিট বেক কৰি গৰমে গৰমে মেৰিয়াই ৰোলটো ২০-২৫ মিনিট ফ্ৰীজত থৈ দিব।

( ২ ) কণীৰ কুহুম আৰু চেনি একেলগে ক্ৰীমৰ নিচিনা হোৱালৈ ভালদৰে ফেটি লওঁক। কণীৰ বগা অংশ আন এটা বাচনত ফেটি লব। এতিয়া আটাইখিনি সামগ্ৰী লগলগাই ফেটি লৈ কম জুইত দহ মিনিট একেৰাহে লৰাই নমাই আনি লেমন কাৰ্ড খিনি ঠান্ডা হবলৈ দিব।

( ৩ ) পানী গৰম হবলৈ দি চেনি, নেমুৰ ৰস আৰু বাকলি খিনি দি লৰাই চেনি গলিলে নমাই আনি লেমন চিৰাপ খিনি ঠান্ডা হবলৈ দিব। ফ্ৰীজৰ পৰা ৰোলটো উলিয়াই আনি বহলাই লৈ লেমন চিৰাপ ব্ৰাছ কৰি লেমন কাৰ্ড খিনি লগাই (ফ্ৰষ্টিং ) কেকটো আকৌ ৰোল কৰি ফ্ৰীজত আধা ঘন্টা থৈ উলিয়াই আনি নিজৰ পছন্দ মতে কাটি পৰিবেশন কৰিব।




No comments: