সামগ্ৰী --
গাখীৰ এক কাপ
ঘন ক্ৰীম এক কাপ
চেনি দুই টেবুল চামুচ
কণীৰ কুহুম চাৰিটা
ভেনিলা এচেঞ্চ এচামুচ
নিমখ এচিকুট
চেনি দুই চাহ চামুচ
প্ৰস্তুত প্ৰণালী --- দুই টেবুল চামুচ চেনিৰ লগত কণীৰ কুহুম ,নিমখ আৰু ভেনিলা এচেঞ্চ ভালদৰে ফেটি লওঁক। গাখীৰ আৰু ক্ৰীম গৰম কৰি লব। উতল অহাৰ আগতে নমাই আনি অলপ ঠান্ডা হবলৈ দি কণীৰ মিশ্ৰণ টোৰ লগত মিহলাই এক মিনিট সময় একেৰাহে লৰাই ভাপত দিব পৰা বাচনত ঢালি ফইল পেপাৰেৰে ঢাকি ৩৫-৪০ মিনিট ভাপত দিব। সামান্য ঠান্ডা হলে ফ্ৰীজত দুঘণ্টা ৰাখি উলিয়াই আনি পুডিং টোৰ ওপৰত চেনি দুচামুচ বহলাই দি ব্ল' টৰ্চ ( Blow Torch ) জ্বলাই চেনি খিনি সামান্য পুৰি দি পাঁচ মিনিট মান পিছত পৰিবেশন কৰিব।

No comments:
Post a Comment