Monday, 27 May 2019

Eggless Coffee Chocolate Cupcake


এগলেছ কফি চকলেট কাপকেক

সামগ্ৰী ---
ময়দা ডেৰ কাপ
কোকো পাউদাৰ ২ টেবুল চামুচ
কফি পাউদাৰ এক চাহ চামুচ
বেকিং পাউদাৰ এক চাহ চামুচ
বেকিং ছ'ডা আধা চাহ চামুচ
ভেনিলা এচেঞ্চ এক চাহ চামুচ
ভিনেগাৰ এক চাহ চামুচ
মিক্ল চকলেট ৭০ গ্ৰাম
গাখীৰ প্ৰায় এক কাপ
ৰিফাইন তেল আধা কাপ
পাউদাৰ চেনি আধা কাপ
দৈ আধা কাপ
নিমখ এচিকুট

প্ৰস্তুত প্ৰণালী  ----    কাপকেক ম'ল্ড কেইটাত তেল সানি একাষে থৈ দিয়ক। গাখীৰ আধা কাপ গৰম কৰি চকলেট খিনিত দি গলাই লব। বহল বাচন এটাত শুকান সামগ্ৰী বোৰ একেলগে চালি লৈ তাত বাকী থকা সকলো সামগ্ৰী লগলগাই ভালদৰে ফেটি লৈ ম'ল্ড কেইটাৰ আধা মানলৈ ভৰাই লব। প্রিহিত অ"ভেনত ১৮০ ডিগ্ৰীত ২৫-৩০ মিনিট বেক কৰিব। কুকাৰ বা কেৰাহীত বনালে এগিলাচ নিমখ বহলাই দি তাৰ ওপৰত এখন জালি বা ষ্টিলৰ প্লেটত ম'ল্ড কেইটা ৰাখি ৩০-৩৫ মিনিট বেক কৰিব।


No comments: